কেন্দ্ৰলৈ পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰৰ প্ৰত্যাহ্বান:নতুন তিনিখন কৃষি বিধয়েক উত্থাপন

Punjab CM

অলপতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষি আইন তিনিখনৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ চলি থকাৰ সময়তে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কংগ্ৰেছী নেতা অমৰিন্দৰ সিঙে কেন্দ্ৰৰ কৃষি আইন তিনিখনক প্ৰত্যাহ্বান জনাই মঙলবাৰে পঞ্জাৱ বিধানসভাত তিনিখন সংশোধনী কৃষি বিধেয়ক উত্থাপন কৰে।

কৃষি

মুখ্যমন্ত্ৰীগৰাকী বিধানসভাৰ মজিয়াত আবেগিক হৈ পৰে।তেওঁ কয় যে কেন্দ্ৰই গ্ৰহণ কৰা কৃষি আইন তিনিখন কৃষক আৰু ভূমিহীন লোকৰ বাবে ক্ষতিকাৰক।পঞ্জাৱত নিজা কৃষি আইন বলবৎ কৰিবলৈ তেওঁ স্থিতপ্ৰজ্ঞ।মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই          সিদ্ধান্তৰ বাবে তেওঁলোকৰ চৰকাৰ ভংগ হ’লেও দুখ নাথাকিব ৷

Your Comments