"বিজেপি মিথ্যাচাৰীৰ দল"-নলবাৰীৰ ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচীত ৰিপুণ বৰা

Ripun Bora

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২১ অক্টোবৰঃ

বিজেপি এটা মিথ্যাচাৰীৰ দল৷বাকী আৰু ফাঁঁকীত চলে বিজেপি৷বিজেপিৰ কাৰ্যসুচীত ৰাইজৰ উন্নতি নহয়৷বুুধবাৰে নলবাৰী জিলাৰ ৰাজীৱ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগদান কাৰ্যসুচীত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাই এইদৰে কয়৷লগতে সভাপতিজনে আৰু কয় যে বিজেপিয়ে ২০১৪ চনত বছৰেকত ২ কোটি চাকৰি ঘৰে ঘৰে দিম বুলি কৈছিল৷১৬ মে'ত সকলো বাংলাদেশী খেদিম বুলি কৈছিল৷অসমত টুইন টাৱাৰ হ’ব বুুলি কৈছিল৷প্ৰকৃততে সেয়া হ’ল জানো?অসমত বৰ্তমান ৯০ হাজাৰ চৰকাৰী চাকৰি মুুকলি আছে৷কিন্ত বিজেপিয়ে কিয় দিবলৈ পৰা নাই৷

Congress

এনেদৰে আজি কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ শআনহাতে আজি নলবাৰী ৰাজীৱ ভৱনত বিজেপি,অগপ আৰু এআইইউডিএফৰ পৰা প্ৰায় চাৰিশ কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে৷আজিৰ এই কাৰ্যসুচীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মন,প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকা,কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইটি চেলৰ সভাপতি দিগন্ত ভূষন বৰ্মন৷

Your Comments