বৰপেটাৰোডত লোকসংস্কৃতিৰ গৱেষিকা ফুলকুমাৰী কলিতাৰ স্মৃতিচাৰণ সভা সম্পন্ন

বৰপেটাৰোড

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বৰপেটাৰোডত দেওবাৰে লোকসংস্কৃতিৰ গৱেষিকা ফুলকুমাৰী কলিতাৰ স্মৃতি গ্ৰন্থ উন্মোচন‌ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক ৰণজিৎ কুমাৰ দাস,অৱসৰপ্ৰাপ্ত আয়ুক্ত থানেশ্বৰ মালাকাৰ,গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাস আৰু বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা বিশিষ্ট অতিথি অতিথি হিচাপে উপস্থিত থাকে ৷

স্মৃতিচাৰণ সভাখনিত ফুল কুমাৰী কলিতাৰ জীৱন পৰিক্ৰমা আৰু কৰ্মৰাজিৰ মূল্যায়নৰ প্ৰয়াসৰে 'লোক কৃষ্টিৰ ধাত্ৰী:ফুলকুমাৰী কলিতা' নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷

স্মৃতিগ্ৰন্থখনি সম্পাদনা কৰিছে ডঃহেমন্ত ভেকা আৰু ডা কমল নয়ন পাটোৱাৰীয়ে।                 

Your Comments