প্ৰৱল বৃষ্টিপাতত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত জনজীৱন ক্ষতিগ্রস্ত

Teleggana Flood

ধাৰাসাৰ হৈ থকা বৰষুণৰ ফলত দক্ষিণৰ ৰাজ্য তেলেঙ্গানা আৰু অন্ধ্ৰপ্ৰদেশত জনজীৱন ক্ষতিগ্ৰস্ত হৈছে ৷ প্ৰৱল বৰষুণৰ ফলত বহুতো ঘৰ নষ্ট হৈছে ৷

বানপানীয়ে বাট-পথ ডুবাই পেলাইছে।গাড়ীপৰ্যন্ত পানীত ভাহিঁবলৈ ধৰিছে ৷ হায়দৰাবাদত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷

ক’ৰ'না বিভীষিকাৰ মাজত এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে জনসাধাৰণক আৰ্থিকভাৱে কোঙা কৰি পেলোৱাৰ আশংকাই দেখা দিছে ৷

কিন্তু সন্দেহ কৰা হৈছে বানপানীৰ মূল কাৰণ বিজয়ৱাৰাৰ প্ৰকাশম বেৰেজৰ পৰা এৰি দিয়া নদীবান্ধৰ পানীহে ৷

Your Comments