ৰাষ্ট্ৰসংঘৰ 'বিশ্ব খাদ্য কৰ্মসূচী'লৈ ২০২০ বৰ্ষৰ শান্তিৰ নোবেল বঁটা

Nobal

২০২০ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে নোবেল কমিটীয়ে নিৰ্বাচন কৰিছে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কৰ্মসূচী(World Food Programme-WFP)ক। বিশ্বত ক্ষুধা নিবাৰণৰ প্ৰচেষ্টাৰ বাবে সংস্থাটোক নিৰ্বাচন কৰা হৈছে।

ৱৰ্ল্ড  ফুড প্ৰগ্ৰেমে যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত শান্তি স্থাপনৰ চেষ্টা কৰিছিল ৷ তদুপৰি এই প্ৰগ্ৰেমে যুদ্ধ আৰু সংঘৰ্ষৰ অস্ত্ৰ হিচাপে ক্ষুধাক ব্যৱহাৰৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল ৷

WFP

ৱৰ্ল্ড ফুড কমিটীৰ সদস্যসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দৈনিক প্ৰায় ১০০মিলিয়ন ভোকাতুৰ মানুহক খাদ্য দিয়াৰ চেষ্টা কৰে বুলি জনাই অনুষ্ঠানটোৰ কাৰ্যনিৰ্বাহক পৰিচালক ডেভিড বিচ্‌লেয়ে কয় যে নৰৱেৰ নোবেল কমিটীৰ এই সিদ্ধান্ত তেওঁলোকৰ কামৰ প্ৰতি স্বীকৃতি ৷

WFP

ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম হ’ল বিশ্বৰ বৃহত্তম মানৱতাবাদী সংস্থা,যাৰ কাম জৰুৰী পৰিস্থিতি জীৱন ৰক্ষা কৰা,সমৃদ্ধি বৰ্তাই ৰখা,সংঘাত- বিপৰ্যয়-জলবায়ু পৰিৱৰ্তনৰ পৰা উদ্ধাৰ হোৱা লোকসকলক এটা সুন্দৰ ভৱিষ্যতৰ বাবে সহায় কৰা ৷

Your Comments