জানো আহক ১৯৬৭ চনৰ আজিৰ দিনটোত কি হৈছিল...

Che

যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় এটা নাম চে গুৱেভাৰা ৷ তেওঁৰ মৃত্যু হৈছিল ১৯৬৭চনৰ আজিৰ দিনটোত অৰ্থাৎ ৯ অক্টোবৰত৷ বহুতো নৱপ্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে চে গুৱেভাৰাৰ ছবি সম্বলিত টি-চাৰ্ট বা তেখেতৰ আৰ্হিৰ টুপি পিন্ধিবলৈ ভাল পায় ৷ কিন্তু জানেনে তেওঁ কোন?

আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, চিকিৎসক, লেখক, গেৰিলা নেতা, কূটনীতিবিদ,সামৰিক তত্ত্ববীদ আছিল চে গুৱেভাৰা ৷ কিউবা বিপ্লৱৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল সকলোৰে পৰিচিত এই চে গুৱেভাৰা ৷ 

Che

চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ থাকোতে তেওঁ দক্ষিণ আমেৰিকাৰ দেশসমূহ ভ্ৰমণ কৰিছিল আৰু তেতিয়াই দৰিদ্ৰতা, ভোক, ৰোগৰ চৰম ৰূপ দেখিছিল- যি তেওঁক এজন বিপ্লৱীলৈ ৰূপান্তৰিত কৰিছিল ৷ 

'দ্য মটৰ চাইকেল ডায়েৰীজ'ৰ স্ৰষ্টা চে গুৱেভাৰাই লেটিন আমেৰিকাত হৈ থকা সৰ্বহাৰাৰ শোষণৰ বিৰূদ্ধে যুঁজিছিল ৷

Your Comments