কৃষক বিৰোধী আইনৰ বিৰুদ্ধে হাজোৰ বৰম্বৈত বামপন্থী দল-সংগঠনৰ সমদল  

হাজো

হাজোৰ পৰা কমলাকান্ত দাস:

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে  কৃষক বিৰোধী তিনিখনকৈ আইন গৃহীত কৰাৰ প্ৰতিবাদত শুকুৰবাৰে হাজোৰ বৰম্বৈত নিখিল ভাৰত কৃষক সভা, চি আই টি উ,এছ এফ আই,ডি ৱাই এফ আইৰ হাজো-দমদমা আঞ্চলিক কমিটিয়ে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী। বামপন্থী দল-সংগঠন কেইটাৰ প্ৰায় শতাধিক নেতা-কৰ্মী আৰু কৃষকে অসম গ্ৰামীণ বিকাশ বেংক বৰম্বৈ শাখাৰ সমীপৰ পৰা উলিয়াই এক প্ৰতিবাদী সমদল। প্ৰতিবাদকাৰীসকলে এই সময়চোৱাত কৃষিখণ্ডৰ বেচৰকাৰীকৰণ বন্ধ কৰক, কৃষক বিৰোধী আইন বাতিল কৰক,ৰাজহুৱা সংগ্ৰহ ব্যৱস্থা বেচৰকাৰীকৰণ বন্ধ কৰক,চাউল- -আলু-পিয়াঁজ-দাইল-তেল জাতীয় খাদ্যক অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ পৰা বাদ দিয়া নচলিব,ৰাজ্য চৰকাৰসমূহৰ অধিকাৰ খৰ্ব কৰা নচলিব,বিজেপি চৰকাৰ মূৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায়-হায় আদি ধবনিৰে ৰাজপথ উত্তাল কৰি তোলে।প্ৰতিবাদকাৰীসকলে এনেদৰে উত্তাল প্ৰতিবাদেৰে সমদল কৰি বৰম্বৈ দুৰ্গা পূূজা মন্দিৰৰ সমীপত কাৰ্যসূচীৰ অন্ত পেলায়।

Your Comments