বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত দীনদয়াল উপাধ্যায়ৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকী পালন

Bjp

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ তত্বাৱধানত ২৫ টা শক্তিকেন্দ্ৰ আহ্বায়কৰ অন্তৰ্গত ১০২ টা বুথৰ সভাপতিৰ ঘৰত দলীয় পতাকা উত্তোলন কৰি নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁঁৱৰণ কৰা হয়।এই উপলক্ষে শুকুৰবাৰে পুৱাৰ ভাগত উক্ত বুথ সভাপতিসকলৰ ঘৰত পৃথকে পৃথকে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,নলবাৰী বিজেপিৰ সম্পাদক দীপেন কলিতা,মণ্ডল প্ৰভাৰী মৃনাল শৰ্মা,বড়িগোগ বনভাগ মণ্ডল    বিজেপিৰ সম্পাদক তথা এই কাৰ্যসূূচীৰ ব‍্যৱস্থাপক শ‍্যামন্ত শৰ্মা,উপ-সভাপতি যোগেশ কলিতা,সাধাৰণ সম্পাদক মনোজ ডেকা,বিজয় বৰ্মন,সম্পাদক মৃগেন শৰ্মা,বুবুল দাস, ঘগ্ৰাপাৰ আৰু আল্লিয়া জিলা পৰিষদৰ সদস্য ক্ৰমে পংকজ ডেকা আৰু মাধৱী ৰাজবংশী,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজবৰুৱা, মণ্ডল মহিলা সভানেত্ৰী মনিকা ভৰালী,পঞ্চায়ত সভাপতি-কাউন্সিলাৰ আদিয়ে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰতিটো কাৰ্যসূচীতে ৫০ পৰা ১০০ দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰি নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁঁৱাৰণ কৰে।ইফালে, কঞাকুছি বুথত নলবাৰী জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বাঘমাৰা বুথত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, কুন্দৰগাঁও -জাৱৰিহাটী আৰু চত্ৰা বুথ সভাপতি ঘৰত জিলা সম্পাদক দিপেন কলিতা,বিলপাৰ আৰু বুৰবুৰী বুথ সভাপতিৰ ঘৰত মৃগেন শৰ্মা আৰু মন্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংগু দাসে অংশগ্ৰহণ কৰি  দীনদয়াল উপাধ্যায়ক শ্ৰদ্ধাৰে সুঁঁৱৰি তেওঁৰ নীতি-আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনায়।বুথ সভাপতিৰ লগতে দলীয় কাৰ্য্যকৰ্তাসকল আৰু প্ৰতিনিধিসকল উপস্থিত থাকি পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে।

Your Comments