২৮ অক্টোবৰ,৩ আৰু ৭ নৱেম্বৰত বিহাৰ নিৰ্বাচন:প্ৰচাৰ মূলতঃ হ'ব ভাৰ্চুৱেল

Bihar

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ।অহা ২৮ অক্টোবৰ,৩ নৱেম্বৰ আৰু ৭ নৱেম্বৰত তিনিটা পৰ্যায়ত আয়োজিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচন।১০ নৱেম্বৰত হ'ব ভোট গণনা।ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।এইবাৰ বিহাৰ নিৰ্বাচনৰ প্ৰচাৰ মূলতঃ ভাৰ্চুৱেল হ'ব।অৱশ্যে,কম মানুহ সমৱেত হোৱা নিৰ্বাচনী সভা আয়োজনৰ ক্ষেত্ৰত স্থানীয় জিলা প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত সামাজিক দূৰত্বৰ ব্যৱস্থা কৰা হ'ব।ভোট গ্ৰহণ কেন্দ্ৰত থাকিব চাবোন,ছেনিটাইজাৰৰ ব্যৱস্থা।ক'ৰ'নাকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময় ১ ঘণ্টা বঢ়াই দিছে নিৰ্বাচন আয়োগে।ভোট গ্ৰহণৰ অন্তিম সময়খিনিত ক'ৰ'না আক্ৰান্তসকলৰ ভোট দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Your Comments