শিৱসাগৰত‌ 'আছু'ৰ প্ৰতিবাদ:প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তোলিকা দাহ

শিৱসাগৰ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত বৃহস্পতিবাৰে 'আছু'ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।নগৰৰ এএছটিচি চাৰিআলিত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য।যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ একাধিক কৃষি আইন সংসদত গৃৃহীত কৰাৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু,পিঁয়াজ,দাইল, তেলকে আদি কৰি মাহজাতীয় সামগ্ৰীক কৰ্তন কৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।আনহাতে,অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যায়নৰ ক্ষেত্ৰত যি নিয়ন্ত্ৰণ থাকিব লাগে, সেই দিশতো চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তোলিকা দাহ কৰে । সংগঠনটোৰ বিষয়ববীয়াসকলে নৰেন্দ্ৰ মোডী হায় হায়, ই আই এ-২০২০ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

আনহাতে,নিবনুৱাক সংস্থাপন দিয়াৰ  প্ৰতিশ্ৰুতিৰে চৰকাৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰখনে ৰাজ্যত অলপতে অনুষ্ঠিত হৈ যোৱা আৰক্ষী উপ- পৰিদশকৰ পৰীক্ষা সু-পৰিকল্পিতভাৱে অনুষ্ঠিত কৰিবলৈ নোৱাৰাত 
চহৰৰ দ'লমুখ চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে নিবনুৱাক সংস্থাপন দিয়াত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে।লগতে,সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই এই বিষয়টো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়।

Your Comments