চাহ উদ্যোগলৈ কি ভাল খবৰ দিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই!পঢ়ি লওক

Dr.Himanta Biswa Sarma

লকডাউনে বিধ্বস্ত কৰা ৰাজ্যৰ চাহ উদ্যোগক পুনৰ উদ্ধাৰৰ বাবে চাৰিখন নতুন আঁচনি ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।জনতা ভৱনত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়-"যদি কোনো চাহ বাগিচাই কমাৰ্চিয়েল বেংকৰ পৰা ৱৰ্কিং লোণ লৈছে,তাৰ ৩ শতাংশ সুুত ৰাজ্য চৰকাৰে বহন কৰিব।"

"প্ৰতিকেজি অৰ্থ'ডক্স চাহত ৰাজ্য চৰকাৰে ৭ টকাকৈ ৰাজসাহায্য প্ৰদান কৰিব।একেদৰে অৰ্থ'ডক্স চাহ উৎপাদনৰ বাবে মেচিন ক্ৰয়ত ২৫ শতাংশ ৰাজসাহায্য দিব চৰকাৰে।অহা তিনিবছৰলৈ সকলো চাহ বাগিচাই কৃষি আয়কৰ দিব নালাগে।"এই কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে।

চাহ বাগিচাৰ কৰ্মচাৰীসকলক পূজাৰ ব'নাচ পূৰ্বৰ বছৰসমূহৰ দৰে ২০শতাংশ  প্ৰদান কৰাৰ বাবে মন্ত্ৰী ডঃ শৰ্মাই আহ্বান জনায় বাগিচা কৰ্তৃপক্ষক।অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহত ২০ শতাংশ পূজাৰ ব'নাচ দিয়াৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে।

Your Comments