আৰক্ষীৰ 'এছআই' পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত জড়িতৰ শাস্তিৰ দাবী জুবিন গাৰ্গৰ

Zubeen Garg

'কোনো ৰাজনৈতিক দলৰ বাবে গীত নাগাওঁ'-জুুুবিন 

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বৃহস্পতিবাৰে হালোৱা জাপি মূূৰত লৈ নতুন ৰূপত নলবাৰীত পত্নীৰে সৈতেে উপস্থিত হ’ল যুৱ-প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ।পত্নীৰে সৈতে।নলবাৰীলৈ বৃন্দাবন মাৰ্টৰ বাবে মাটি আৰু পুখুৰী চাবলৈ অহা জুবিনে প্ৰথমে বৰভাগলৈ যায় ৷তাৰ পিছতে বৃন্দাবন মাৰ্টৰ নলবাৰীৰ কাৰ্য্যালয়ত এখন সংবাদ মেলত অংশ লয়।জুবিনে কয় যে বৃন্দাবন মাৰ্ট প্ৰথমে গুৱাহাটীত মুকলি কৰি তাৰ পিচত পৰ্য্যায়ক্ৰমে গোটেই অসমত মুকলি কৰা হ'ব।নিবনুৱাক সংস্থাপন দিয়াই বৃন্দাবনৰ মূল উদ্দেশ্য বুলি  শিল্পীজনে প্ৰকাশ কৰে।শেহতীয়াভাৱে আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িতসকলৰ শাস্তি দাবী কৰে জুবিনে৷তেওঁ কোনো ৰাজনৈতিক দলৰ হৈ গীত নাগায় বুলিও উল্লেখ নকৰে।গৰিমা গাৰ্গ সমন্বিতে  তেওঁৰ পৰিয়ালৰ কোনো সদস্যই ৰাজনৈতিক দলত যোগদান নকৰে বুলি মন্তব্য কৰে কন্ঠশিল্পীজনে।ইফালে,'কা' বিৰোধী আন্দোলন হ'লে তেওঁ পুনৰাই অংশ ল'ব বুলিও জুবিনে মত ব্যক্ত কৰে।

Your Comments