২৫ অক্টোবৰত 'এছআই'ৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আকৌ বিপাঙত অসম আৰক্ষীৰ নিযুক্তি ব'ৰ্ড,কিন্তু কিয় পঢ়ক?

Assam Police

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ নতুন দিন নিৰ্ধাৰণ।অসম আৰক্ষী নিযুক্তি ব'ৰ্ডৰ এখন বৈঠকত ২৫ অক্টোবৰ নতুন দিন হিচাপে ধাৰ্য কৰিছে।এই সন্দৰ্ভত আৰক্ষী নিযুক্তি ব'ৰ্ডে জিলা আৰক্ষী অধীক্ষকসকললৈ সাজু হ'বলৈ নিৰ্দেশ জাৰি কৰিছে।

ইফালে,২৫ অক্টোবৰ তাৰিখটো নিৰ্ধাৰণ  কৰাৰ পিছতে বিপাঙত পৰে অসম আৰক্ষী নিযুক্তি ব'ৰ্ড।কিয়নো উক্ত দিনা দুৰ্গা পূজাৰ নৱমী হোৱাৰ বাবে পৰীক্ষা অনুুুষ্ঠিত কৰিব পৰা যাব নে নাযায়,তাক লৈ সৃষ্টি হৈছে প্ৰশ্নবোধকৰ।তাৰ বাবে আজি পুনৰ অসম আৰক্ষী নিযুক্তি বৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব।উক্ত বৈঠকত গ্ৰহণ কৰা হ'ব চুড়ান্ত সিদ্ধান্ত।

উল্লেখ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা মাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল।

Your Comments