পাকিস্তানত প্ৰৱলভাৱে বৃদ্ধি পাইছে ছুন্নী-ছিয়াৰ  সংঘাত

Pakistani Sunni

*সমদল উলিয়াই ছিয়াসকলক 'কাফেৰ' আখ্যা উগ্ৰ ছুন্নী সংগঠনৰ*

পাকিস্তানত শেহতীয়াকৈ বৃদ্ধি পাইছে ইছলামৰ ছুন্নী আৰু ছিয়াসকলৰ মাজত সংঘাত।বিশেষকৈ উগ্ৰ ছুন্নীসকলে ছিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে যথেষ্ট আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰিছে।উগ্ৰ ছুন্নীসকলে ছিয়াসকলক 'কাফেৰ' বুলি উল্লেখ কৰি কৰাচী মহানগৰত সমদল উলিয়াবলৈ ধৰিছে।ছিয়া লোকৰ বিৰুদ্ধে ঈশনিন্দাৰ অথবা ধৰ্মনিন্দাৰ গোচৰ তৰিবলৈ ধৰিছে উগ্ৰ ছুন্নীসকলে।মহৰমৰ সমদলত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈও উগ্ৰ ছুন্নী সংগঠনে দাবী জনাইছে।উল্লেখ্য যে পাকিস্তানৰ জনসংখ্যাৰ ২০ শতাংশ ছিয়া লোক।সংখ্যালঘু ছিয়াসকল পাকিস্তানত সততে ছুন্নীসকলৰ হাতত নিৰ্যাতনৰ চিকাৰ হৈ আহিছে।বহুতো ছিয়া লোকক হত্যা কৰিছে ছুন্নী সন্ত্ৰাসবাদী সংগঠনসমূহে।

Your Comments