দেওবাৰে উত্তৰ-পূব ৰেলৱে মজদুৰ ইউনিয়নৰ "ৰেল বচাওক-দেশ বচাওক" প্ৰতিবাদী কাৰ্যসূচী

Pic

অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেচন (এ.আই.আৰ.এফ)ৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে দেওবাৰে ৰূপায়ন কৰিব প্ৰতিবাদ দিৱস।ভাৰত ত্যাগ আন্দোলনৰ বিশেষ দিনটোত গ্ৰহণ কৰিব লগা এই প্ৰতিবাদ দিৱসৰ সন্দৰ্ভত এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা এ.আই.আৰ.এফৰ সভাপতি ৰাখাল দাসগুপ্তাই এক বিজ্ঞপ্তিত কয়-কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৯আগষ্ট  অৰ্থাৎ দেওবাৰে ৰেল কৰ্মীসকলে  দেশজুৰি পালন কৰিব "অল ইণ্ডিয়া প্ৰতিবাদ দিৱস"।প্ৰতিবাদৰ অংশ হিচাপে কৰ্মচাৰীসকলে নিজ নিজ কৰ্মস্থলীত আৰু ৰেলৱে ষ্টেচনসমূহত মুখত মাস্ক পিন্ধি শাৰিৰীক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লেকাৰ্ড লৈ প্ৰদশৰ্ন কৰিব "ৰেল বচাওক-দেশ বচাওক" শ্লোগান।কেৱল ইমানেই নহয় ক'ৰ'না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যিসমূহ শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ প্রতি অন্যায় সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে,তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰিছে সৰ্ব ভাৰতীয় নেতাগৰাকীয়ে।

ইফালে,ৰেলৱে খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি দাসগুপ্তাই  কয়- "দেশত বৰ্তমান ১৩,৪৫২খন যাত্ৰীবাহী , ৯,১৪১ খন মালবাহী ৰেল চলাচল কৰি আছে।এই ৰেলসমূহত সেৱা আগবঢ়াই আছে  লাখ-লাখ ৰেল শ্ৰমিকে।দৈনিক প্ৰায় ২.৩০ কোটি যাত্ৰী কঢ়িওৱা ভাৰতীয় ৰেল পৰিবহণ সেৱা এচিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড যিটো দক্ষতাৰে পৰিচালনা কৰি আহিছে ১.৪০ নিযুত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীয়ে।"

গুৰুত্বপূৰ্ণ যে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰেলৱেই ৬০১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে। ৰেল যাতায়ত দেশৰ কোটি কোটি দুখীয়া শ্ৰেণী লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা। য'ত নেকি মাত্ৰ ১০টকাতে প্ৰায় ৫০কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে।ইমানৰ পিছতো ৰেলৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিব ওলোৱা কাৰ্য্যক অন্যায় আৰু জনবিৰোধী নীতি অভিহিত কৰিছে নেতাগৰাকীয়ে।এই নীতিক প্ৰত্যাহাৰৰ দাবী জনায় গুপ্তাই।লগতে কয় যে অন্যথা উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে অধিক ক্ষতিৰ সন্মুখীন হ'ব।

"ৰেলখণ্ডক ব্যক্তিগতকৰণ কৰাৰ ফলত যাত্ৰী আৰু মালবস্তু ভাড়া অধিক বৃদ্ধি পাব।জনসাধাৰণৰ আৰ্থিক দিশটোতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব।বয়বস্তুৰ দাম বাঢ়িব, চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিত্তিক নিযুক্তিৰে ব্যক্তিগত পুঁজিপতিয়ে শ্ৰমিকৰ শোষণ চলাব"-দাসগুপ্তাই লগতে কয়।

Your Comments