নলবাৰীত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন আইন উলংঘা:জনপ্ৰতিনিধিৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ

Congress letter

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন আইন উলংঘা কৰাৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে জনপ্ৰতিনিধিৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে নলবাৰীত দাখিল হ’ল এজাহাৰ।প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন আইন উলংঘা কৰাৰ বাবে নলবাৰীৰ বিধায়ক অশোক শৰ্মা,অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে নলবাৰী জিলা কংগ্ৰেছে কমিটীয়ে। উল্লেখযোগ্য যে বুধবাৰে পুৱা নলবাৰীত অশোক শৰ্মাৰ উদ্যোগত খাৰজাৰা দুধনাথ আশ্ৰমত অনুষ্ঠিত হৈছিল ৰাজহুৱা বিষ্ণু যজ্ঞ আৰু সন্ধিয়া জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰী থানা চ'কত সামূহিক বন্তি প্ৰজ্বলন কৰা হৈছিল।দুয়োটা অনুষ্ঠানত বহু মানুহৰ সমাগম হৈছিল আৰু ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ নীতি-নিৰ্দেশনাবোৰ উলংঘা কৰা হৈছিল।এই ক্ষেত্ৰত ক'ভিড সংক্ৰমণ ৰোধৰ নীতি-নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা কংগ্ৰেছে।নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজোতি হালৈয়ে এই অভিযোগ উত্থাপন কৰি      বৃহস্পতিবাৰে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে।তদুপৰি,বুধবাৰৰ অনুষ্ঠানত নলবাৰী জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকে যদি অনুমতি প্ৰদান কৰিছিল,তেন্তে বিধায়ক অশোক শৰ্মা আৰু পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই মুখ্য সচিবে জাৰি কৰা নিয়ম উলংঘা কৰাৰ সময়ত কিয় চকু দিয়া নাছিল বুলি প্ৰশ্ন উত্থাপন কৰে।যদি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অনুমতি দিয়া নাছিল,তেন্তে জিলা প্ৰশাসনৰ নাকৰ তলত কেনেকৈ এই অনুষ্ঠান আয়োজন কৰিলে বুলি কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

Your Comments