অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Narendra Modi

বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ইয়াৰ জড়িয়তে ৰাম মন্দিৰৰ নিৰ্মাণ-কাৰ্য আৰম্ভ হ'ল।প্ৰধানমন্ত্ৰী মোডী দুপৰীয়া ১২-০৭ বজাত ভূমি পূজন স্থলীত উপস্থিত হয়।দুই মিনিটৰ ভিতৰতে ভূমি পূজন আৰম্ভ কৰা হয়।ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যজমান হিচাপে এটা কাষত বহিছিল।পুৰোহিত-বিদ্বানসকলে মন্ত্ৰৰ উচ্চাৰণ কৰিছিল আৰু প্ৰধানমন্ত্ৰীযে সেই মন্ত্ৰ আওঁৰাই আৰাধনাত লীন হৈ আছিল।পৰৱৰ্তী পৰ্যায়ত শুভ মুহূৰ্তত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে।ভূমি পূজন অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, আৰএছএছ প্ৰমুখ মোহন ভাগৱত উপস্থিত আছিল।

Your Comments