আজি দুপৰীয়া ১২-৪৪ বজাত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন

ৰাম মন্দিৰ

আজি অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন হ'ব।ভূমি পূজনৰ শুভ মুহূৰ্ত ধার্য কৰা হৈছে দুপৰীয়া ১২-৪৪ মিনিট।অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ১১-৩০ বজাত অযোধ্যত উপস্থিত হ'ব।ইতিমধ্যে প্ৰধানমন্ত্ৰী অযোধ্যালৈ ৰাওনা হৈছে।ভূমি পূজন উপলক্ষে আটকধুনীয়াকৈ সজাই তোলা হৈছে অযোধ্যা নগৰী।নগৰখনত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ।ইফালে,ৰাম জন্মভূমি পৰিষৰ আৰু কাষৰীয়া এলেকাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।ইতিমধ্যে,ৰাম জন্মভূমি পৰিষৰৰ সুৰক্ষা ব্যৱস্থাৰ দায়িত্ব গ্ৰহণ কৰিছে এছপিজিয়ে।

Your Comments