"ৰাম সকলোৰে মনত বিৰাজমান;ভূমি পূজনে ৰাষ্ট্ৰীয় একতাৰ সৃষ্টি কৰক"-প্ৰিয়ংকা গান্ধী ভদ্ৰা

Priyanka Gandhi

এটা দীৰ্ঘদিনীয়া বিবাদৰ অন্তত দেশত পুন:নিৰ্মাণ হ'ব ৰামমন্দিৰৰ।৫ আগষ্ট তাৰিখে ৰামমন্দিৰৰ ভূমি-পূজন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।যাৰ বাবে ৰামনগৰী অযোধ্যাত চলিছে আড়ম্বৰপূৰ্ণ আয়োজন।ৰামমন্দিৰৰ ভূমি-পূজন কাৰ্যসূচীক লৈ ইতিমধ্যে শাসকীয় তথা বিৰোধী দলৰ বহুকেইজন নেতাই বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে।তাৰ মাজতে কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰেৰণ কৰা এটা টুইটাৰ বাৰ্তাই সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Twit

মঙলবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিজৰ টুইটাৰত এটা বাৰ্তা প্ৰেৰণ কৰি কয়-"সাহস,সৰলতা,সংযম,ত্যাগ সকলোৰে সাৰমৰ্ম হ'ল ৰাম।সকলোৰে মাজতে ৰাম আছে।প্ৰভু ৰাম আৰু সীতা দেৱীৰ আৰ্শীবাদত ৰানমন্দিৰৰ ভূমিপূজনৰ দিনটো ৰাষ্ট্ৰীয় একতা,বন্ধুত্ব আৰু সাংস্কৃতিক সমাগমৰ দিন হিচাপে পৰিগণিত হওক"।প্ৰিয়ংকা গান্ধীৰ
এই বিশেষ টুইটটোৱে সম্প্ৰতি দেশৰ ৰাজনৈতিক মহলত বেছ চৰ্চা লাভ কৰিছে।

Your Comments