এবিভিপি বনভাগ শাখাৰ উদ্যোগত পূূৰ্ণকামদেৱত 'ৰাখীবন্ধন'

Rakhi

নৰেন শৰ্মা,বাহাৰঘাট:

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(এবিভিপি)ৰ বনভাগ শাখাৰ উদ্যোগত নলবাৰী সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত পূৰ্নকামদেৱ(মোমাইতোলা)শিৱমন্দিৰত সোমবাৰে পুৱাৰ ভাগত পৱিত্ৰ 'ৰক্ষাবন্ধন' উপলক্ষে 'ৰাখীবন্ধন' কাৰ্য্যসূচী ৰূপায়ণ কৰে৷তদুপলক্ষে আয়োজিত  অনুষ্ঠানত সাংবাদিক নৰেন শৰ্মা আৰু পূৰ্ণকামদেৱ গাঁঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি অতুল চন্দ্ৰ শইকীয়াক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোটাকৈ ৰাখী পিন্ধাই পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা জনায়৷ইয়াৰ পিছতে এবিভিপিৰ কাৰ্য্যকৰ্তাসকলে বাহাৰঘাটৰ পৰা  পূূৰ্ণকামদেৱ,কিচমৎ,দেহাৰকুছি,লৰমাবটাকুছি আদিকে ধৰি অঞ্চলসমূহৰ গাওঁসমূহৰ একাংশ লোকক ৰাখী পিন্ধাই ৰাখীবন্ধনৰ শুভেচ্ছা জনায়।

Your Comments