কোভিড-১৯ত আক্ৰান্ত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত কোভিড -১৯ৰ সংক্ৰমণ অব্যাহত আছে। সোমবাৰে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালৰ দেহতো ধৰা পৰিছে কোভিড-১৯ পজিটিভ ৷  সোমবাৰে আৰক্ষী অধীক্ষকগৰাকীৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ আহে।অৱশ্যে, ফলাফল অহাৰ পূৰ্বৰে পৰাই আৰক্ষী বিষয়াগৰাকী হোম কোৱাৰেণ্টাইনত আছিল। ইতিমধ্যে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সৈতে জড়িত বহুকেইজন কৰ্মচাৰী,যেনে-গৃহৰক্ষী, দেহৰক্ষী,নিৰাপত্তাৰক্ষী আদিকে ধৰি কেইবাজনৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাত যোৱা ২২ জুলাইৰ পৰা আৰক্ষী অধীক্ষকগৰাকী হোম কোৱাৰেণ্টাইনতে আছিল।বৰ্তমান বিষয়াগৰাকীৰ দেহত তেনে কোনো চিন্তনীয় লক্ষণ নাই আৰু তেওঁৰ অৱস্থা নিয়মিত স্বাস্থ্য বিভাগৰ দলে নিৰীক্ষণ কৰি আছে।ইফালে,জিলাখনত আৰক্ষী অধীক্ষকগৰাকীকে ধৰি বিগত ২৪ ঘণ্টাত নতুনকৈ ৩৭ জন ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে।ফলত জিলাখনত বৰ্তমানলৈকে কোভিড-১৯ত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৫৬ জনলৈ বৃদ্ধি পালে৷ জিলাখনত শেহতীয়াকৈ কোভিডত আক্ৰান্তসকলৰ ভিতৰত ৩ জন আন্তঃৰাজ্য ভ্ৰমণ কৰা ব্যক্তি,২০ জন কোভিডত আক্ৰান্ত পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তি, ১ জন জলসিঞ্চন বিভাগৰ কৰ্মচাৰী,১ জন স্বাগত হাস্পতালৰ ,১ জন ৰে'লৱে বিভাগৰ ট্ৰেকমেন ,১ জন ৰে'লৱে কাৰখানাৰ,৩ জন আন্তঃ জিলা ভ্ৰমণ কৰা ব্যক্তি,১ জন টুলুঙীয়াৰ,১জন মৌলবীপাৰা এম ভি স্কুল কোৱাৰেণ্টাইন চেণ্টাৰৰ দায়িত্বত থকা শিক্ষক, ১ জন পীৰাধৰা হাইস্কুলৰ শিক্ষক,১ জন সৃজনগ্ৰাম ইউনাইটেড হাইস্কুলৰ শিক্ষক , ১জন জাৰাগুৰীৰ শিক্ষক , ১ জন ভাকাৰিভীটাৰ ব্যক্তিৰ লগতে আন এজন ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে তিকিৎসালয়ত ভৰ্তি কৰা হৈছে।জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত আক্ৰান্ত মুঠ ৭৫৬ জন ব্যক্তিৰ ভিতৰত ইতিমধ্যে ৪৫৩ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে।সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ১৬২ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১৪১জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷  

 

Your Comments