শিৱসাগৰত অনুষ্টুপীয়াকৈ 'ৰাখী বন্ধন' পালন

ৰাখী

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

'ৰাখী বন্ধন' উৎসৱটো শাওন মাহৰ ৰাখী পূৰ্ণিমাৰ দিনটোত পালন কৰা হয়।ভাতৃ-ভগ্নীৰ স্নেহৰ বান্ধোন অটুট থকাৰ উদ্দেশ্যেৰে বায়েক বা ভনীয়েকে ভায়েক-ককায়েকৰ হাতত ৰাখী বান্ধি উদযাপন কৰে এই উৎসৱটি। কিন্তু এইবাৰ এই উৎসৱ উদযাপন কৰাত কিছু বাধা সৃষ্টি হয়,কাৰণ কৰ'ণা মহামাৰীৰ আতংক। তথাপিও নিয়ম ধৰি ৰখাৰ প্ৰয়াস কৰি অন্যান্য ঠাইৰ লগতে শিৱসাগৰতো সোমবাৰে অনুষ্টুপীয়াকৈ কিছু লোকে আয়োজন কৰিলে এই উৎসৱৰ।ৰাখি পিন্ধাই ভাতৃ-ভগ্নীৰ সম্পৰ্ক অটুট ৰখাৰ প্ৰয়াস কৰা শিৱসাগৰতো দেখা গ'ল।

Your Comments