"বিজেপিৰ ১৯ জন বিধায়কে '২১ৰ নিৰ্বাচনত নাপায় দলীয় টিকট,তালিকা প্ৰস্তুত হৈছে"-আৰ পি শৰ্মাৰ বিস্ফোৰণ

R P Sarma

*"পুৰণি বিজেপি দলত আজি এলাগী,ন-বিজেপিয়ে কামৰ বাবে দললৈ অহা নাই,লুটিবৰ বাবে আহিছে"*

প্ৰাক্তন বিজেপি নেতা তথা ন-কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাৰ বিস্ফোৰণ।অহা '২১ৰ নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হ'ব ১৯জন বিজেপিৰ বৰ্তমানৰ বিধায়ক।নামকটা যাব লগা বিধায়কসকলৰ তালিকা প্ৰস্তুত কৰি ইতিমধ্যে দলৰ শীৰ্ষ নেতৃত্বই প্ৰেৰণ কৰিছে আৰএছএছলৈ।এই তালিকা পৰৱৰ্ত্তী পৰ্যায়ত ৩০লৈ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।গুৱাহাটীৰ ৰাজীৱ ভৱনত এই বিস্ফোৰণ প্ৰাক্তন বিজেপি সংসাদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতাগৰাকীৰ।

হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু দিছপুৰ বিধায়ক অতুল বৰাৰ আগন্তক নিৰ্বাচনত টিকট কৰ্তন হোৱাটো নিশ্চিত।দলৰ ভিতৰৰ কথা সকলো জানো বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে গোপনে প্ৰেৰণ কৰা নাম কৰ্তন হ'ব লগা তালিকাত থকা বিধায়কসকল হৈছে লখিমপুৰ,বিশ্বনাথ,শোণিতপুৰৰ ৫ জন, তিনিচুকীয়াত ২জন,ডিব্ৰুগড়ত ২জন, বৰাক ভেলীত প্ৰায় ৩ জন,কামৰূপ গ্রাম্য আৰু মেট্ৰ'ত ৩জন।

"ওপৰৰ পৰা তললৈ,প্ৰদেশৰ পৰা বুথলৈ বিজেপি দল প্ৰায় এতিয়া শেষ।পুৰণি যিসকল আচল বিজেপি আছিল, সেইসকলৰ দলত গুৰুত্ব নাইকিয়া হ'ল।আৰএছএছৰ প্ৰশিক্ষণ লৈ অহা ৭৫-৮০ শতাংশ মানুহ দলত আছিল।মানুহে কিদৰে ভদ্ৰ হৈ মানুহক কথা ক'বলৈ লাগে,সেই কথা আৰএছএছে শিকাইছিল।আমাৰ জীৱন ধাৰণ সলনি কৰি দিছিল।সেইসকল মানুহে কেঁচুৰ দৰে মানুহৰ ঘৰে ঘৰে গৈ দলৰ ভেঁটি নিৰ্মাণ কৰিছিল।সেই মানুহ দলত এলাগী হ'ল।বৰ্তমান দললৈ যিসকল আহিছে,তেওঁলোকৰ উদ্দেশ্যে ঠিকা-ঠুকলী,চাকৰি-বাকৰি লাগে,মুঠতে লুটিবৰ আহিছে।কাম কৰিবলৈ সেই সকল অহা নাই"-প্ৰাক্তন সাংসদ শৰ্মাই কয়।

Your Comments