ড° হিমন্ত বিশ্ব শৰ্মা মানসিক চাপত ভুগিছে;দাদা আপোনাৰ বিপি চেক কৰক:ক'লে...

Gaurav Gogoi

"দাদা আপুনি মানসিক চাপত ভুগিছে।আপোনাৰ বিপি চেক কৰক।"এই মন্তব্য কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ।পিছে কাক উদ্দেশ্যি এই তীক্ষ বাক্যবাণ কৰিলে সাংসদ গগৈয়ে।কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে  এই বাক্যবান এৰিলে স্বাস্থ্য মন্ত্ৰী  ড°হিমন্ত বিশ্ব শৰ্মালৈ।

মন্ত্ৰী শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি গগৈয়ে কয়-”স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰী।দহ দিন আগলৈকে সংবাদ মাধ্যমত হাঁহি-ধেমালি কৰি কথা পাতি আছিল।কিন্তু এতিয়া মানসিক চাপত ভুগিছে।মই অনুৰোধ কৰিম দাদা আপোনাৰ বিপি চেক কৰক।"

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে সাংসদ পুঁজি ২ বছৰৰ বাবে কৰ্তন কৰাক লৈ অসন্তুষ্ট গৌৰৱ গগৈ।শুকুৰবাৰে বটদ্ৰৱা সমষ্টিৰ কেইবাঠাইতো সাংসদ পুঁঁজিৰ কামৰ  আধাৰশিলা স্থাপন কৰে গগৈয়ে।লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো সাংসদ পুঁঁজিৰে নিৰ্মিত এটি অতিথিশালা উদ্বোধন কৰি এনেদৰে তীব্ৰ ভাৱে সমালোচনা কৰে মন্ত্ৰী শৰ্মাক ।

তদুপৰি,কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰতহে প্ৰধান্য দিব লাগে বুলি কয় গগৈয়ে । ক'ৰ’নাৰ নামত সাংসদৰ পুঁজি কৰ্তন কৰাক লৈ ক্ষুব্ধ গগৈ।

Your Comments