কামৰূপ মহানগৰ জিলাত 'লকডাউন'ৰ কি কি অধিক শিথিলতাৰ ঘোষণা প্ৰশাসনৰ..

*কুকুৰা আৰু ছাগলী মাংসৰ হোম ডেলিভাৰীৰ অনুমতি*

ক'ৰ'না ভাইৰাছৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে কামৰূপ মহানগৰ জিলাত কাৰ্যকৰী হৈ থকা 'লকডাউন'ত আহিছে আৰু কিছু শিথিলতা।ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জিলাখনত কিছু শিথিলতা প্ৰদানৰ কথা এটা নিৰ্দেশনাৰ জড়িয়তে প্ৰকাশ কৰিছে।

কুৰিয়াৰ আৰু ই-কমাৰ্চ সেৱা সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ জিলাখনত মুকলি ৰখাৰ অনুমতি    প্ৰদান কৰা হৈছে।

জিলাখনত বিগত দুটা সপ্তাহে বন্ধ হৈ থকা কুকুৰা মাংস আৰু ছাগলী মাংস ঘৰে ঘৰে যোগান ধৰাৰ অনুমতি দিয়া হৈছে।সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ হোম ডেলিভাৰী দিব পাৰিব মাংস।

এফচিআইৰ সৈতে জড়িত কাম-কাজসমূহ কমসংখ্যক কৰ্মচাৰীৰে চলোৱাৰ অনুমতি      প্ৰদান কৰা হৈছে।  

অহা ১৯ এপ্ৰিললৈ জিলাখনত ঘোষণা কৰা হৈছে লকডাউন।

Your Comments