গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী বন্দীৰ বিস্ফোৰক পত্ৰ...

Pic

*ক'ৰনাত আক্রান্ত বন্দীগৰাকীয়ে  চিকিৎসালয়লৈ নিয়াৰ মুহূৰ্তত ৰাইজলৈ দলিয়াই গৈছিল পত্ৰখন*

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ক'ৰ'না ভাইৰাছত আক্রান্ত এগৰাকী বন্দীৰ এখন বিস্ফোৰক পত্ৰ।কাৰাগাৰটোত বন্দী হৈ থকা কয়দীসকলৰ জীৱন ৰক্ষাৰ কৰাৰ আহ্বান জনাইছে বিশেষ পত্ৰখনত।

"জেলৰ ভিতৰত ৯০ শতাংশ লোকৰ ক'ভিড-১৯ হৈছে।এতিয়ালৈ টেষ্ট কৰা নাই সকলোৰে"- কাৰাবন্দী দুদুল দাস।

Piv

"আমাক যোৱা ৪০ ঘণ্টাৰ আগতে টেষ্ট কৰি পজিটিভ অহাৰ পাছতো কৈছিল কোনো চিকিৎসা নকৰাকৈ।জেল কৰ্তৃপক্ষই আমি একো নাজানো বুলি কয়।আজি আমি বন্ধ কোঠাত জুই লগাই দিয়াৰ পিছত মেডিকেললৈ পঠাইছে"- দাসে পত্ৰত এইদৰে লিখিছে।

কাৰাগাৰৰ ভিতৰত ক'ভিড পজিটিভ আৰু নিগেটিভ একেলগে আছে।দুফুট ঠাইত দুটা মানুহ শুই আছে।এটা ৰূমত ৫০ জনকৈ কয়দী আছে"-পত্ৰত এইদৰে উল্লেখ আছে।

Your Comments