দেশৰ কোনো বনাঞ্চলত নোপোৱা দুষ্পাপ্য "সোণালী বাঘ" কাজিৰঙাত !

Golden tiger

নিউজ ডেস্ক :
বিশ্ব বিখ্যাত এশিঙিয়া গড় থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্ধান পোৱা গৈছে আন এবিধ দুষ্পাপ্য জন্তুৰ। ৰাষ্ট্ৰীয় উদ্যানখনত দুষ্পাপ্য 'সোণালী বাঘ'ৰ সন্ধান পোৱা বুলি শেহতীয়াকৈ দেশজুৰি চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত। ফটোগ্ৰাফাৰ ময়ূৰেশ হেন্দ্ৰেৰ কেমেৰাত ৰাষ্ট্ৰীয় উদ্যানখনত ’গল্ডেন টাইগাৰ’ অৰ্থাৎ সোণালী বাঘৰ ফটো বন্দী হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতেই তীব্র চর্চা আৰম্ভ হয় সামাজিক মাধ্যমত।

উল্লেখ্য যে বিশেষ বাঘটোৰ মুখৰ পৰা আদি কৰি সমগ্ৰদেহৰ বৰণ সোণৰ দৰে।অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে এই বাঘবিধ দেশৰ কোনো এখন বনাঞ্চলতে নাই।

প্ৰসিদ্ধ আই এফ এছ বিষয়া পাৰভিন কচোৱানে (Parveen Kaswan) এই কথা উল্লেখ কৰি নিজা টুইটাৰত সোণালী বাঘটোৰ ফটো শ্বেয়াৰ কৰি এইদৰে লিখিছে -Do you know in #India we have a Golden #Tiger also. Only documentation of such big cat in 21st century on planet. This by Mayuresh Hendre. Look at this beauty।

আনহাতে এই কথা পোহৰলৈ অহাৰ পাছতে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা।সামাজিক মাধ্যমত ফটোখনে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে।

Your Comments