আজিয়েই কাৰমুক্ত হ'ব ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ:'নিয়া'ৰ আদালতে মঞ্জুৰ কৰিলে জামিন

Kmss

*ধৈৰ্য,বিতুৰ মঙলবাৰে জামিনৰ শুনানি: অখিলৰ ১৬ জুলাইত*

ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ নেতা মানস কোঁৱৰৰ জামিন মঞ্জুৰ 'নিয়া' আদালতৰ।বিগত সাত মাহ ধৰি কাৰাৰুদ্ধ হৈ আছিল ছাত্ৰ নেতাগৰাকী।'কা' আন্দোলনৰ সময়ত ৰুজু হোৱা চানমাৰি থানাৰ ১৩/১৯ নম্বৰ 'নিয়া'ৰ গোচৰত জামিন লাভ কৰে কোঁৱৰে।যোৱা ১২ ডিচেম্বৰৰ তাৰিখৰ দিনা পঞ্জীয়ন হৈছিল গোচৰটো।

উল্লেখ যে অখিল গগৈ,বিতু সোণোৱাল,ধৈৰ্য কোঁৱৰো বন্দী হৈ আছে উক্ত গোচৰতে।

জ্যেষ্ঠ অধিবক্তা জীয়াউৰ কামাৰ আৰু শান্তনু বৰঠাকুৰে উক্ত জামিনৰ বাবে আবেদন জনাইছিল।

"অন্য কোনো গোচৰ নাই মানস কোঁৱৰৰ বিৰুদ্ধে।ফলত আজিয়ে মুকলি আকাশৰ তললৈ ওলাব বন্দী নেতাগৰাকী"- জনালে অধিবক্তাই।

"বিতু আৰু ধৈৰ্যৰ জামিন সন্দৰ্ভত মঙলবাৰে (১৪জুলাই)আছে শুনানি।একেদৰে কৃষক নেতা অখিল গগৈৰ জামিন সন্দৰ্ভত শুনানি আছে ১৬ জুলাইত"-এই কথা জনালে অধিবক্তা কৃষ্ণ গগৈয়ে।

গুৰুত্বপূৰ্ণ যে কৃষক নেতা অখিল,ধৈৰ্য আৰু বিতু ক'ৰ'নাত আক্রান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

Your Comments