অমিতাভ-অভিষেকৰ পিছত ক'ৰ'না আক্ৰান্ত ঐশ্বৰ্য আৰু আৰাধ্যও:শীঘ্ৰে আৰোগ্য হোৱাৰ বাবে দেশবাসীৰ প্ৰাৰ্থনা

Bachan Family

শনিবাৰে নিশা অমিতাভ বচ্চন আৰু অভিষেক বচ্চন ক'ৰ'না পজিটিভ ধৰা পৰাৰ পিছত দেওবাৰে দিনৰ ভাগত ক'ৰ'না আক্ৰান্ত হোৱাটো প্ৰমাণ হয় ঐশ্বৰ্য ৰায় বচ্চন আৰু কণমানি আৰাধ্যও।শনিবাৰে নিশা ঐশ্বৰ্য আৰু আৰাধ্য নিগেটিভ আহিছিল যদিও দেওবাৰে পুনৰ পৰীক্ষা কৰোৱাত দুয়ো পজিটিভ আহে।অৱশ্যে,দুবাৰ পৰীক্ষাৰ পিছতো জয়া বচ্চন নিগেটিভ আহিছে।এনেদৰে,জয়া বচ্চনৰ বাহিৰে বচ্চন পৰিয়ালৰ আটাই কেইগৰাকী সদস্য কৰনা আক্ৰান্ত হোৱাৰ পিছত উদ্বিগ্ন হৈ পৰিছে দেশ-বিদেশৰ কোটি কোটি অনুৰাগী।সকলোৱে মহানায়ক অমিতাভ বচ্চনৰ সৈতে বচ্চন পৰিয়ালৰ সকলো সদস্যৰ শীঘ্ৰে আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে।ইফালে, মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি হৈ থকা অমিতাভ আৰু অভিষেকৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।

Your Comments