ক'ৰ'নাত আক্ৰান্ত অমিতাভ বচ্চনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ

ab

ক'ৰ'নাত আক্ৰান্ত হোৱা মহানায়ক অমিতাভ বচ্চনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।শনিবাৰে ক'ৰ'না পজিটিভ পোৱাৰ পিছত মহাতাৰকাগৰাকীক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।উল্লেখযোগ্য যে ক'ৰ'না পজিটিভ হোৱাৰ কথা অমিতাভে নিজেই টুইটযোগে অৱগত কৰিছিল।জানিব পৰা মতে ৭৭ বছৰীয়া প্ৰসিদ্ধ শিল্পীগৰাকীয়ে উশাহ লোৱাত কষ্ট অনুভৱ কৰিছিল।ইফালে, অমিতাভে বিগত ১০ টা দিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ৰ'না পৰীক্ষা কৰিবলৈ টুইট যোগে আহ্বান জনাইছে।ভাৰতবাসীৰ হৃদয়ত থকা অভিনেতাজন শীঘ্ৰে আৰোগ্য হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছে দেশবাসীয়ে।

Your Comments