পূৰ্বৰ দ্বিপাক্ষিক চুক্তিসমূহৰ আধাৰত সীমান্তত শান্তি বাহাল ৰখাত সন্মত চীন আৰু ভাৰত

Indo-China

লাডাখত বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ সেনাৰ মাজত চলি থকা উত্তেজনাৰ অৱসান ঘটাবলৈ ৬ জুনত চুছুল-ম'ল্ড' ক্ষেত্ৰত দুয়োখন দেশৰ সেনাৰ কমাণ্ডৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হয়।এই সন্দৰ্ভত এতিয়া বিদেশ মন্ত্ৰণালয়ে বিবৃতি জাৰি কৰিছে।এই বিবৃতিত কোৱা হৈছে যে বৈঠক সৌহাৰ্দ্যপূর্ণ পৰিৱেশত অনুষ্ঠিত হয়।ভাৰত আৰু চীনৰ মাজত থকা দ্বিপাক্ষিক চুক্তিসমূহৰ আধাৰত দুয়োখন দেশে সীমান্তত শান্তি বাহাল ৰাখিবলৈ সন্মত হয়।সীমা বিবাদ দ্বিপাক্ষিক চুক্তিসমূহৰ আধাৰত মীমাংসা কৰিবলৈ দুয়োখন দেশে সন্মতি প্ৰকাশ কৰে।

India-China Border

এই দ্বিপাক্ষিক চুক্তিসমূহৰ আধাৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্কৰ বিকাশৰ বাবে সীমান্তত শান্তি বাহাল ৰখাটো প্ৰয়োজন বুলি মত প্রকাশ কৰা হয়।

Your Comments