ঘগ্ৰাপাৰত ভুৱা চিআইডি বিষয়াক গ্ৰেপ্তাৰ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্প্ৰতিৰ নিৰাপত্তাৰ দায়িত্বত থকা অসম আৰক্ষীৰ এগৰাকী জোৱানে নিজৰ মোবাইল ফোনেৰে এজন লোকক একলাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।জানিব পৰামতে ধমধমাৰ নৰ আলীৰ পুত্ৰ আইনুদ্দিন আহমেদৰ নিজৰ মোবাইল ফোন নম্বৰ ৯৮৬৪৯-৩৪৬১৩ ত  যোৱা ৩০ মে'ত ম'বাইল ফোন নম্বৰ ৭০০২০-৫৯৩১৩ ৰ পৰা এটা ফোন কল আহিছিল।উক্ত ফোন কৰা ব‍্যক্তিগৰাকীয়ে আইনুদ্দিন আহমেদক নিজকে এজন চি আই ডি বিষয়া বুলি পৰিচয় দি এক লাখ টকা দাবী কৰিছিল লগতে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছিল।উপায়ন্তৰ হৈ আইনুদ্দিনে শনিবাৰে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।এজাহাৰৰ ভিত্তিত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখি দেওবাৰে মূল অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰে।ধনদাবী কৰি আৰক্ষীৰ জালত পৰা ব‍্যক্তিগৰাকী হ'ল  নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বড়িগাঁৱৰ আবনুৰ আলীৰ পুত্ৰ চাইফুদ্দিন আহমেদ।

Pic

উল্লেখ‍্য যে আৰক্ষীৰ তদন্তত চাইদ্দিন আহমেদ কাহিলিপাৰাস্থিত অসম আৰক্ষী চতুৰ্থ বেটেলিয়নৰ কৰ্মৰত জোৱান বুলি পোহৰলৈ আহে।কৰ্মৰত জোৱানজনৰ এ বি চি নম্বৰ ৩৫১ হোৱাৰ উপৰিও বৰ্তমান তেওঁ বেটেলিয়নটোৰ প্ৰতিনিধি হিচাপে ডায়েল ১০০ গুৱাহাটীত সেৱা আগবঢ়াই আছে।ইতিমধ্যে গ্ৰেপ্তাৰ লগতে ধনদাবী ব‍্যৱহাৰীত মোবাইল ফোনটো আৰক্ষীয়ে উদ্ধাৰ কৰিছে।ঘগ্ৰাপাৰ আৰক্ষীয়ে অভিযুক্তগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দন্ডবিধি আইনৰ অধীনত ৪১৯/৩৮৭ ধাৰাত এটা কেছ ৰুজু কৰি নলবাৰী আদালতৰ হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে। 

 

Your Comments