হাতে-বাটে ছটিওৱা বীজাণুনাশক জনজীৱনৰ বাবে ক্ষতিকাৰক হ'ব পাৰে : বিশ্ব স্বাস্থ্য সংস্থা

Spry

নিউজ ডেস্ক:
বিশ্বজুৰি ক'ৰোনাৰ সন্ত্ৰাস অব্যাহত আছে।COVID-19ৰ সংহাৰী ৰূপে একপ্ৰকাৰ কোঙা কৰি তুলিছে সমগ্ৰ বিশ্বক।মহামাৰী ক'ৰোনাক নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত প্ৰয়োগ কৰা হৈছে শক্তিশালী বিজানুনাশক দ্ৰব্য।বিশেষকৈ বাট-পথ,কাৰ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত প্ৰয়োগ কৰা হৈছে বিভিন্ন শক্তিশালী বিজানুনাশক দ্ৰব্য।কিন্তু শেহতীয়াকৈ বিশ্ব স্বাস্থ্যই জানিবলৈ দিয়া ম'তে সকলো বিজানুনাশক দ্ৰব্যই ক'ৰোনাক নি:শেষ তথা  নিয়ন্ত্ৰণ কৰিব নোৱাৰে বৰঞ্চ ইয়াৰ প্ৰভাৱে মানৱ শৰীৰৰহে ক্ষতিসাধন কৰে।সংস্থাটোৱে জানিবলৈ দিয়া ম'তে ৰাজপথ ,ফুটপাথ আদি বোৰক COVID-19ৰ সংক্ৰমণস্থলী বুলি ক'ব নোৱাৰি।ক'ৰোনাক নি:শেষ কৰিবলৈ হাতে-বাটে ছটিওৱা বিজানুনাশক দ্ৰব্য মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক হ'ব পাৰে বুলিও সংস্থাটোৱে মন্তব্য কৰে।

Your Comments