ভাৰতলৈ সহায়ৰ হাত ডনাল্ড ট্ৰাম্পৰ

Trump

নিউজ ডেস্ক:

মহামাৰী ক'ৰোনাৰ সংহাৰী তাণ্ডৱত ত্ৰস্তমান ভাৰতবৰ্ষ।তাৰ মাজতেই বিশ্বৰ অন্যতম শক্তিশালী তথা ভাৰতৰ মিত্ৰদেশ আমেৰিকাই ভাৰতলৈ আগবঢ়ালে সহায়ৰ হাত। ক'ৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ আমেৰিকাই ভাৰতক দিব ২০০টা মোৱাইল ভেণ্টিলেটৰ।ইয়াৰে প্ৰতিটো ভেণ্টিলেটৰৰ মূল্য প্ৰায় ১মিলিয়ন। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনে বৃহৎ অনুদানৰ বাবে শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে  ৰাষ্ট্ৰপ্ৰধান ডোনাল্ড ট্ৰাম্পক ধন্যবাদ জনায়।ইয়াৰ লগতে ভাৰত আৰু আমেৰিকাৰ মিত্ৰতা অধিক গাঢ় হ'ল বুলিও টুইটাৰত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

Your Comments