'বিশ্বত ক'ৰ'না বিয়পাত চীনৰ য়ুহানৰ বন্যজীৱৰ অবৈধ বজাৰৰ প্ৰধান ভূমিকা'-হু

চীনৰ গৱেষণাগাৰৰ পৰা ক'ৰ'না ভাইৰাছ বিয়পিছে বুলি আমেৰিকাই সঘনে সন্দেহ প্ৰকাশ কৰি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বক্তব্য চীনৰ প্ৰতি এটা আঘাতস্বৰূপ হৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ এজন বিশেষজ্ঞ চিকিৎসকে শুকুৰবাৰে জেনেভাত কয় যে কৰনা ভাইৰাছ বিশ্বজুৰি বিয়পাৰ ক্ষেত্ৰত চীনৰ এটা ডাঙৰ ভূমিকা আছে।য়ুহান চহৰৰ ৱেট মাৰ্কেটৰ অৰ্থাৎ বনৰীয়া জন্তুৰ অবৈধ বজাৰখনৰো ক'ৰ'না বিয়পাৰ ক্ষেত্ৰত এটা প্ৰধান ভূমিকা আছে বুলি বিশেষজ্ঞ চিকিৎসক পিটাৰ বেন এম্বৰেকে উল্লেখ কৰে।

Your Comments