মুম্বাইৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালে শিল্পী জুবিনে:'চিলা' এলবামৰ কামত ব্যস্ত

Pic

ক'ৰ'না ভাইৰাছৰ বাবে সমগ্ৰ দেশত বুধবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ 'লকডাউন'।লকডাউনৰ বাবে হেঁপাহৰ ৰঙালী বিহুত ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে ৰাজ্যবাসী।ইফালে,লকডাউনত মুম্বাইতে আৱদ্ধ হৈ আছে অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ।তাৰ পৰাই শিল্পী জুবিনে বুধবাৰে ৰাজ্যবাসীক ৰঙালী বিহু আৰু অসমীয়া নৱবর্ষৰ শুভেচ্ছা জনায়।অসমবাসীক শুভেচ্ছা জনাই জুবিনে প্ৰায় ৮০বছৰ পুৰণি এখন হাৰমনিয়াম বজাই অসমবাসীলৈ আগবঢ়ালে এটা গানৰ কলি।ভাল খবৰ এই যে লকডাউনৰ সময়ত মুম্বাইত আৱদ্ধ হৈ থাকি শিল্পী জুবিনে ৰাইজৰ বাবে আৰম্ভ কৰিছে নতুন গানৰ কাম।'চিলা' নামৰ এখন এলবামৰ কামত জুবিন গাৰ্গ এতিয়া ব্যস্ত।

Your Comments