"ক'ৰ'না প্ৰতিৰোধৰ ক্ষেত্ৰত 'লকডাউন'ৰ সুফল পৰিলক্ষিত হৈছে"-দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন

ক'ৰ'না প্ৰতিৰোধৰ ক্ষেত্ৰত দেশব্যাপি 'লকডাউন'ৰ সুফল পৰিলক্ষিত হবলৈ আৰম্ভ কৰিছে।এই গুৰুত্বপূৰ্ণ মন্তব্য দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ।তেওঁ কয় যে এজন ক'ৰ'না ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ পৰা ৪০০ জনতকৈ অধিক লোক এমাহৰ ভিতৰত সংক্ৰমিত হোৱাৰ  সম্ভাৱনা থাকে।'লকডাউন' হৈ যোৱাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি নহ'ল।উল্লেখযোগ্য যে বৰ্তমান দিল্লীত ২১ টা ক'ৰ'না সংক্ৰমণৰ হটস্পট ছিল কৰি দিয়া হৈছে।বৰ্তমান দিল্লীত দেশৰ ভিতৰত তৃতীয় সৰ্বাধিক ক'ৰ'না ৰোগী আছে।

Your Comments