"ক'ভিড-১৯ বিৰোধী যুঁজত জড়িত সংবাদ-কৰ্মীক স্বাস্থ্য বীমা আঁচনিৰ অন্তৰ্ভুক্ত কৰক":ৰিপুন বৰা

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ সংগ্রামত নিয়োজিত হৈ থকা ৰাজ্যৰ আৰক্ষী আৰু স্বাস্থ্যসেৱাত নিয়োজিত কর্মীসকললৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৫০লাখ টকাৰ স্বাস্থ্য বীমা।ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  সভাপতি ৰিপুন বৰাই। 

"স্বাস্থ্যকৰ্মী-আৰক্ষী বাহিনীৰ লগতে ক'ভিড-১৯ বিৰোধী অভিযানত প্ৰত্যক্ষভাৱে নিয়োজিত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক ৫০লাখ টকাৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ"- সভাপতি বৰাই এইদৰে কয়।

তাৰ মাজতে ৰিপুন বৰাই চৰকাৰক আহ্বান জনায়  কয়-"সমান্তৰালভাৱে সংবাদ-মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলো যিহেতু ক'ভিদ-১৯ বিৰোধী অভিযানত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে,তেওঁলোককো চৰকাৰে ৫০লাখ টকাৰে স্বাস্থ্য বীমা আঁচনিৰ অধীনলৈ আনিব লাগে।"

উল্লেখ্য যে বিভিন্ন সময়ত ৰাজ্যৰ কৰ্মৰত সাংবাদিকসকলেও এই সন্দৰ্ভত চৰকাৰক জনাই আহিছে আহ্বান।

Your Comments