ক'ৰ'নাৰ বিৰুদ্ধে দীঘলীয়া হ'ব যুঁজ:প্ৰধানমন্ত্ৰীকে ধৰি সকলো সাংসদৰ বেতনৰ এবছৰ ধৰি ৩০ শতাংশ কৰ্তন,দুবছৰৰ বাবে বন্ধ সাংসদ উন্নয়ন পুঁজি

Pic

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ যুঁজত সফলতা লাভ কৰাৰ লক্ষ্যৰে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।এনে সিদ্ধান্ত অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,সকলো কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীৰ বেতনৰ ৩০ শতাংশ এবছৰ ধৰি কৰ্তন কৰা হ'ব আৰু এই ধন ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰা হ'ব।আনহাতে,সকলো সাংসদৰ দৰমহাৰো ৩০ শতাংশ কৰ্তন কৰা হ'ব এবছৰজুৰি,যি ধনো ব্যৱহাৰ কৰা হ'ব ক'ৰ'নাৰ বিৰুদ্ধে সংগ্রামত।আন এটা সিদ্ধান্ত অনুসৰি দুবছৰৰ বাবে সাংসদ উন্নয়ন পুঁজিৰ ধনো দুবছৰৰ বাবে বন্ধ ৰখা হ'ব।এই পুঁজি ব্যৱহাৰ কৰা হ'ব ক'ৰ'নাৰ বিৰুদ্ধে চলিবলগীয়া দীঘলীয়া যুঁজৰ বাবে।উল্লেখ্য যে ক'ৰ'নাৰ বিৰুদ্ধে যুঁজ দীৰ্ঘদিন ধৰি চলিব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে ঘোষণা কৰিব।

Your Comments