নিজামুদ্দিনৰে জড়িত নথকা প্ৰথমজন ক'ৰ'না আক্রান্ত চিনাক্ত ৰাজ্যত

Pic

গুৱাহাটীৰ জু-ৰোডস্থিত বিলাসী অট্টালিকা স্পেনিচ গাৰ্ডেনত প্ৰথমগৰাকী নিজামুদ্দিনৰে সৈতে জড়িত নথকা ব্যক্তি আক্ৰান্ত হৈছে "ক'ভিড-১৯"ত।ব্যক্তিগৰাকী যোৱা ১০ মার্চত দিল্লীৰ পৰা উভতি আহিছিল।১৪ দিনত ব্যক্তিগৰাকীৰ দেহত ধৰা পৰা নাছিল ক'ভিড-১৯।সম্পূৰ্ণ ২৫টা দিনত ধৰা পৰিছে ক'ভিড-১৯। ব্যক্তিগৰাকীক সৰুসজাই কোৱাৰাণ্টাইন শিবিৰত ৰখা হৈছিল।ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত ব্যক্তিগৰাকীক লৈ অনা হয় গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ। ইফালে,ব্যক্তিগৰাকীৰ গাত ক'ভিড-১৯ধৰা পৰাৰ পিছতে পৰিয়ালৰ অন্য ব্যক্তিসকলকো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ মেডিকেল কলেজৰ কোৱাৰাণ্টাইন শিবিৰলৈ নিয়া হৈছে। গুৰুত্বপূৰ্ণ যে ৰাজ্যত বৰ্তমানলৈ ২৪ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক'ভিড-১৯ত।২৩গৰাকী নিজামুদ্দিনৰে জড়িত। ইফালে,জিলা হিচাপত সৰ্বাধিক গোলাঘাট জিলাত সৰ্বাধিক ৯জন চিনাক্ত হৈছে কভি'ড-১৯ত।

Your Comments