বটদ্ৰৱা সমষ্টিৰ বিধায়িকাৰ ২০০০ দৰিদ্ৰ পৰিয়ালত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা ৰাইজক মানি চলিবলৈ আহ্বান জনালে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।বটদ্ৰৱা সমষ্টিত যি কেইজন লোকক ক'ৰ'নাত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে তেওঁঁলোকক ইতিমধ্যে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে ক'ভিড-১৯ৰ সৈতে যুঁঁজিবলৈ সমষ্টিৰ সকলো চিকিৎসা কৰ্মীৰ লগতে প্ৰশাসনৰ লোকসকল সাজু হৈ আছে বুলিও বিধায়িকাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।ইফালে,লকডাউনৰ এই সময়ছোৱাত বিশেষকৈ সমাজৰ অতি দৰিদ্ৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । এইসকল দৰিদ্ৰ লোকক কিছু পৰিমানে হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ ২০০০ টা অতি দৰিদ্ৰ পৰিয়ালত চাউল, দাইল,মিঠাতেল,নিমখ,আলু আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী নিজ হাতেৰে ঘৰে ঘৰে বিতৰণ কৰাৰ লগতে সমষ্টিৰ লোকসকলক ক'ৰ'না ভাইৰাচ সন্দৰ্ভত ল'বলগীয়া সাৱধানতা আৰু সজাগতাৰ বিষয়েও অৱগত কৰে।এই বিতৰণ ব্যৱস্থা পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি বিধায়িকাগৰাকীয়ে জানিবলৈ দিছে।বিধায়িকাগৰাকীৰ এনে প্ৰশংসনীয় পদক্ষেপৰ সমষ্টিৰ ৰাইজে শলাগ লৈছে।

Your Comments