তীৰ্থনগৰী হাজোৰ ধোপৰগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দুদুল মহন্তৰ পৰলোকপ্ৰাপ্তি

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰি যোৱা তীৰ্থনগৰী হাজোৰ ধোপৰগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দুদুল মহন্তৰ শুকুৰবাৰে নিশা প্ৰায় ২:৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।পৰলোকপ্ৰাপ্তিৰ সময়ত তেওঁৰ বয়স হৈছিল ৪২ বছৰ।মৃত্যুৰ সময়ত মাতৃ ,পত্নী, কন্যা সন্তানৰ লগতে চাৰিজনকৈ ভাতৃক ইহ সংসাৰত এৰি থৈ যায়।এই গৰাকী ডেকা সত্ৰাধিকাৰৰ দেহাৱসানৰ খবৰে সমগ্র তীৰ্থনগৰীতে গভীৰ শোকৰ ছাঁঁ পেলাইছে।জানিব পৰা মতে কেইবাবছৰ পূৰ্বৰে পৰা ধোপৰগুৰি সত্ৰখনৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰি অহা ধোপৰগুৰি গাঁৱৰ এই গৰাকী সত্ৰাধিকাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছিল।কিন্তু শুকুৰবাৰে তেওঁ নিজ গৃহতে ইহলীলা সম্বৰণ কৰে।তেওঁৰ মৃত্যুৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ গুণমুগ্ধ লোকসকলে তেওঁৰ বাসগৃহলৈ আহি শেষ শ্ৰদ্ধা নিবেদন কৰে।হাজো ৰাইজৰ সভাপতি-সম্পাদক,হাজো 'আছু',পশ্চিম বংশৰ 'আছু',দমদমা 'আছু',লুইত পৰীয়া আঞ্চলিক সাহিত্য সভা,হাজো সাংবাদিক সন্থা,'আছু' নেতা প্ৰকাশ দাস,বিধায়িকা সুমন হৰিপ্ৰিয়া,বিশিষ্ট সমাজকৰ্মী দিনমনি ভাণ্ডাৰ কায়স্থকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠন,ব্যক্তি বিশেষে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Your Comments