'লকডাউন' উলংঘা:বঙাইগাঁৱত জব্দ শতাধিক মটৰ চাইকেল-স্কুটী

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক: 

সাৱধান! বিনা কাৰণত মটৰ চাইকেল লৈ ঘৰৰ বাহিৰলৈ পৰাপক্ষত নোলাব।অন্যথা জব্দ কৰিব আৰক্ষীয়ে আপোনাৰ মটৰ চাইকেল ৷ হয়, লকডাউন উলংঘা কৰি মটৰ চাইকেল লৈ ৰাজপথলৈ ওলাই অহাসকলৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ যান- বাহন শাখাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উঠি-পৰি লাগিছে।কেৱল উঠি- পৰি লগাই নহয় বৰং ইতিমধ্যে জব্দ কৰিছে বহু সংখ্যক মটৰ চাইকেল-স্কুটী ।উল্লেখ্য যে লকডাউন উলংঘা কৰি যতে-মধে মটৰ চাইকেল লৈ বিনা কাৰণত বঙাইগাঁও চহৰত চলা- ফুৰা কৰাসকলৰ বিৰুদ্ধে আৰক্ষীৰ যান-বাহন শাখাই অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ আৰক্ষীয়ে বঙাইগাঁও চহৰৰ লগতে বিভিন্ন ঠাইত লক ডাউন উলংঘাকাৰী মটৰ চাইকেল আৰোহীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ ফলত বৰ্তমানলৈকে শতাধিক মটৰ চাইকেল জব্দ কৰিছে।এই লকডাউন উলংঘাকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে ৷ লগতে জব্দ কৰা মটৰ চাইকেল আৰু স্কুটীসমূহ লক ডাউন খোলাৰ পিছতহে গৰাকীয়ে লাভ কৰিব বুলিও জানিবলৈ দিছে ৷ যান- বাহন আৰক্ষীয়ে দৈনিক মটৰ চাইকেল আৰোহীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু বিনা কাৰণত যদি ঘৰৰ পৰা মটৰ চাইকেললৈ ওলাই অহাতো প্ৰমাণিত হয় ,তেতিয়াহলে সেইসকলৰ মটৰ চাইকেল - স্কুটী সমূহ জব্দ কৰি ৰাখিছে ৷ যান - বাহন আৰক্ষীৰ তৰফৰ পৰা মাৰাত্মক কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউন সম্পূৰ্ণৰূপে সকলোকে মানি চলি নিজৰ লগতে পৰিয়ালৰ আপোনজনক তথা সমাজক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈকো আহ্বান জনায় ৷ লগতে লক ডাউন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য বুলিও কয় ৷

 

Your Comments