"ক'ভিড-১৯"ক লৈ সামাজিক মাধ্যমত ভুৱা খবৰ বিয়পোৱাৰ বিৰুদ্ধে ৭টা গোচৰ ৰুজু:৪জনক গ্ৰেপ্তাৰ

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত ব্যাপক তৎপৰতা।যোৱা ২৪মার্চৰ পৰা ২১দিনীয়াকৈ দেশজুৰি কাৰ্যকৰী হৈছে লকডাউন।লকডাউনৰ সময়ত দেশবাসীক বাৰে বাৰে কোৱা হৈছে ঘৰৰ বাহিৰ নহ'বলৈ।একমাত্ৰ জৰুৰীকালীন সেৱা আৰু খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে ওলাই আহিব পাৰিব। ইফালে,এই সময়ত মহামাৰী ক'ৰ'না বা ক'ভিড-১৯ৰ সন্দৰ্ভত কোনো লোকে যাতে সমাজিক মাধ্যমত ভুৱা প্ৰচাৰ নচলাই,তাৰ বাবে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ ফালৰ বাৰে বাৰে জনোৱা হৈছে আহ্বান।তাৰ পিছতো একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যম ফেচবুককে ধৰি অন্যান্য ছাইটসমূহত চলাই আছে ভুৱা প্ৰচাৰ।তেনে ব্যক্তি তথা দুষ্ট চক্ৰসমূহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী। অসম আৰক্ষীৰ ফালৰ পৰা শুকুৰবাৰৰ দিনটোত টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা খবৰ অনুসৰি "বৰ্তমানলৈ এই ভুৱা খবৰ প্ৰচাৰৰ সন্দৰ্ভত ৰাজ্যত ৭ টাকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ৪ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।" টুইটটোত লগতে পুনৰ ৰাইজলৈ আহ্বান জনাই উল্লেখ কৰিছে- "নাগৰিকসকলক অনুৰোধ জনাইছোঁঁ,তেওঁলোকে যাতে যিকোনো অসত্য তথ্য ফৰৱাৰ্ড অথবা প্ৰম'ট কৰাৰ পৰা বিৰত থাকে।" উল্লেখ যে শেহতীয়াভাৱে ৰাজ্যত ক'ভিড-১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ২০ জনলৈ।দেশতো দ্ৰুত হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা।

Your Comments