ক'ৰ'না প্ৰতিৰোধ:নগাঁৱৰ পাঁচ চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৪৫ জনক নিৰীক্ষণ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

দিল্লীৰ নিজামুদ্দিন মৰ্কজৰ তৱলিগী জামাতত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছ থকাটো নিশ্চিত হোৱাৰ পিছত নগাঁও জিলাত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।যিহেতু দিল্লীৰ নিজামুদ্দিন তৱলিকী জামাতত নগাঁৱৰ একাংশ লোকে অংশগ্ৰহণ কৰি ইতিমধ্যে ঘৰলৈ ওভতি আহি স্বাস্থ্য পৰীক্ষা নকৰাকৈ কিম্বা হোম কোৱাৰেন্টাইন নকৰাকৈ ঘূৰি ফুৰিছিল।সেয়েহে ইয়াকে লৈ ৰাইজ অধিক আতংকিত হৈ পৰে। উদ্বিগ্ন হৈ পৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ।দিল্লীৰ নিজামুদ্দিন মৰ্কজৰ পৰা ওভটি আহি আত্মগোপন কৰি থকা একাংশ লোকক বুধবাৰৰ পৰা আৰক্ষীয়ে আটক কৰি স্বাস্থ্য বিভাগক চমজি দিয়া কাৰ্য অব্যাহত ৰাখিছে। এই লোক সকলক জিলাখনৰ বিভিন্ন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হয়।বহি:ৰাজ্যৰ পৰা ওভতি আহি স্বাস্থ্য পৰীক্ষা নকৰাকৈ, হোম কোৱাৰেন্টাইন নকৰাকৈ থকা মুঠ ২৮জন লোকক শুকুৰবাৰে দিনটোৰ ভিতৰতে জিলা খনৰ ভিন্ন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হয়। ইয়াৰে ২২জন লোকক জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে আটক কৰি আনি স্বাস্থ্য বিভাগক গতাই দিয়াৰ পাছত চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। বিয়লি পৰ্যন্ত জিলা খনৰ পাঁচখন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৪৫জন লোকক ভৰ্তি কৰোৱা হৈছে । স্মৰ্তব্য যে দিনটোৰ ভিতৰত জিলা খনৰ উজৰাগাঁও চিকিৎসালয়ত ১৩জনক, ৰহা ৰণথলী আদৰ্শ চিকিৎসালয়ত ৬জনক, ধিং এফ আৰ ইউত ৭জনক আৰু মোৱামাৰী চিকিৎসালয়ৰ আছুতীয়া কক্ষত ২ জনক ভৰ্তি কৰোৱা হয়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা বুধবাৰৰ পৰা শুকুৰবাৰৰ বিয়লি  পৰ্যন্ত জিলাখনৰ উজৰাগাঁও চিকিৎসালয়ত ১৬জনক, ৰহা ৰণথলী চিকিৎসালয়ত ৮জনক, ধিং এফ আৰ ইউত ৮জনক, মোৱামাৰী চিকিৎসালয়ত ২জনক আৰু বেবেজীয়া সমূহীয়া চিকিৎসালয়ৰ আছুতীয়া কক্ষত ১১জনক ভৰ্তি কৰোৱা হৈছে।ইফালে,এই চিকিৎসালয় সমূহৰ ভিতৰৰ বেবেজীয়া সমূহীয়া চিকিৎসালয়ৰ আছুতীয়া কক্ষত যোৱা কালি ভৰ্তি কৰোৱা ১১জনৰ আৰু ৰহা ৰণথলী চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰোৱা ২জন লোক সহ মুঠ ১৩জন লোকৰ কালি পুৱা আৰু ৬জন লোকৰ  নিশা লেলাৱতি(Swab throat)ৰ নমুনা সংগ্ৰহ কৰি ক'ভিড-১৯ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ পঠিওৱা হৈছে। ইয়াৰে বুধবাৰৰ  পুৱা পঠিওৱা নমুনাসমূহৰ পৰীক্ষাৰ প্ৰতিবেদন  ইতিমধ্যে প্ৰকাশ পাইছে।এই প্ৰতিবেদনে সকাহ দিছে নগঞা ৰাইজক।কিয়নো সেই লোকসকলৰ দেহত ক'ভিড-১৯ভাইৰাছ নথকাটো নিশ্চিত হৈছে।উল্লেখ্য যে এই ১৩জন লোকৰ ভিতৰত ৮জন লোক দিল্লীৰ নিজামুদ্দিন মৰ্কজৰ তৱলিকী জামাতত অংশগ্ৰহণ কৰি ওভতি আহিছিল। এই লোককেইজনৰ দেহত মাৰাত্মক ক'ভিড-১৯ ভাইৰাছ নথকাটো জিলাবাসীৰ বাবে অতি সন্তোষজনক খবৰ হিচাপে বিবেচিত হৈছে।

Your Comments