লকডাউনঃবঙাইগাঁৱত অনলাইন বুকিঙৰ জৰিয়তে ঘৰতে পাব প্ৰয়োজনীয় ঔষধ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ন'ভেল ক'ৰ'না ভাইৰাছ (কোভিড-১৯)ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউন কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ মতে ঘৰৰ পৰা ওলাব নোৱাৰিব জনসাধাৰণ।ঘৰৰ ভিতৰতে থাকি নিজৰ জীৱন সুৰক্ষিত কৰি ৰখাৰ লগতে আনৰ জীৱনো ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে।এই নিৰ্দেশনা সফল কৰি তোলাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্গত যিসকল ৰোগী আছে,তেওঁলোকৰ প্ৰয়োজনীয় ঔষধ ঘৰতে পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।যদিহে তেওঁলোকৰ ঔষধ ঘৰত মঁজুত নাই আৰু ইতিমধ্যে শেষ হৈ গৈছে আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি ঘৰৰ বাহিৰলৈ ওলাই যাব পৰা নাই, তেতিয়া হ'লে জিলাখনৰ সেইসকল ৰোগীয়ে অনলাইন বুকিঙৰ জৰিয়তে নিয়মীয়াকৈ প্ৰয়োজনীয় ঔষধখিনি ঘৰতে পোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰ বাবে ৯৪৩৫১২৬৯৭৯ নম্বৰত অনলাইন বুকিং কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ দৰে ৰোগীৰ প্ৰয়োজনীয় ঔষধখিনি নিয়মীয়াকৈ যোগান ধৰাৰ ব্যবস্থা গ্ৰহণ কৰিছে প্ৰশাসনে৷

Your Comments