দেশত ক'ৰ'না আক্রান্ত ৫০ জনৰ মৃত্যু

Pic

দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ সংখ্যা।কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বৃহস্পতিবাৰৰ পুৱা ৯ বজাৰ তথ্য অনুসৰি দেশত ক'ৰ'না আক্রান্তৰ সংখ্যা ১৭৬৪ গৰাকী।আৰোগ্য হৈছে ১৫০ গৰাকী।মৃত্যুক আঁকোৱালি লৈছে ৫০ জনে। উল্লেখ যে যোৱা দুটা দিনত দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা।দেশত সৰ্বাধিক ৩৩৮জন আক্রান্ত হৈছে মহাৰাষ্ট্ৰত।শেহতীয়াভাৱে অসম,অৰুণাচল আৰু ঝাৰখণ্ড অন্তৰ্ভুক্ত হৈছে "ক'ভিড-১৯" মানচিত্ৰত।

Your Comments