নিজামুদ্দিনৰ তবলিগী জামাতৰ মুৰব্বী মৌলানা মহম্মদ ছাদৰ সন্ধানত আৰক্ষীৰ অভিযান তীব্ৰ

Pic

সকলো নীতি-নিয়ম উলংঘা কৰি দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ মৰ্কজত ২০০০ত কৈ অধিক লোকক সমৱেত কৰোৱা জামাতৰ মুৰব্বী মৌলানা মহম্মদ ছাদৰ সন্ধান উলিয়াবলৈ দিল্লী আৰক্ষীয়ে অভিযান তীব্ৰ কৰিছে।দেশৰ ব্যাপক ক্ষতি কৰা মহম্মদ ছাদ বৰ্তমান নিজৰ ঘৰত নাই।সমগ্র দেশত তথা অসমতো ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ সংকট গুৰুতৰ কৰি তোলাত অন্যতম ভূমিকা পালন কৰা এই গৰাকী মৌলানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Your Comments