ইন্টাৰনেচনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ

Inter

নিউজ ডেস্ক :
ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ উদ্যোগত অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীকে ধৰি তিনিচুকীয়া,ডিব্ৰুগড়,ডিগবৈ আদি চহৰত কৰ্তব্য  সম্পাদন কৰি থকা আৰক্ষী তথা সেনাবাহিনীৰ লোকসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷ Aa

ইয়াৰ উপৰিও সংগঠনটোৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত থকা ৰাজ্যিক নেতৃত্বই জৰুৰী অৱস্থাত কৰ্মৰত লোক সকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত অধ্যয়নৰত ছাত্ৰছাত্ৰীসকলে যাতে খাদ্যৰ অভাৱত পৰিবলগীয়া নহয় সেই বিষয়টোতয়ো গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ দেশৰ দিন হাজিৰা কৰা লোক, অট’চালক ,ৰিক্সাচালক আদিয়ে যাতে এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰিবলগীয়া নহয় সেই বিষয়টোয়ো সংগঠনটোৱে চৰকাৰলৈ আঙুলিয়াই দিয়াৰ লগতে স্বাস্থ্যসেৱাৰ লগত জড়িত কৰ্মচাৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশটোৰ প্ৰতিও তীক্ষ্ণ নজৰ দিবলৈ সংগঠনটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কমল ৰাজ ছেত্ৰীয়ে চৰকাৰলৈ আহ্বান জনায়। সম্পাদক ছেত্ৰীয়ে লগতে এই লকডাউনৰ সময়ছোৱাত যাতে প্ৰতিগৰাকী নাগৰিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ অনুভৱ কৰিবলগীয়া নহয় তাৰ ব্যৱস্থা কৰিবলৈও  তেওঁ দাবী উত্থাপন কৰে। Co
ইফালে সংগঠনটোৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক  ছিন্নন এচ বিল্লাইৰ নেতৃত্বত লোহিত জিলাৰ লগতে ৰাজ্যখনৰ আন প্ৰান্তত থকা অভাৱগ্ৰস্ত লোকসকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে৷ ইয়াৰ লগতে সংগঠনটোৰ সদস্যসকলে এই জৰুৰী অৱস্থাত মহাৰাষ্ট্ৰ,উৰিষ্যা,দিল্লী,পশ্চিমবংগ আদিত দুৰ্দশাগ্ৰস্ত লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি সেৱা আগবঢ়াই অহাৰ বাবে ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে প্ৰতিগৰাকী সদস্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে৷

Huউল্লেখযোগ্য যে ইন্টাৰনেছনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তৰ ওপৰি ডুবাই,দক্ষিণ আফ্ৰিকা,আমেৰিকা যুক্তৰাষ্ট্ৰ,লেবানন আদিতো আৰ্তজনৰ বাবে আজি দীৰ্ঘ দিনৰ পৰা সেৱা আগবঢ়াই আহিছে৷

Your Comments