টেলিকম কোম্পানীলৈ 'ট্ৰাই'ৰ নির্দেশ:'লকডাউন'ৰ সময়ত ৰিচার্জ নকৰিলেও ভেলিডিটী কৰ্তন নহয় মোবাইল সেৱাৰ

Pic

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা 'লকডাউনৰ সময়ত যাতে দেশৰ প্ৰিপেইড ম’বাইলৰ গ্ৰাহকসকল বিপদত নপৰে,তাৰ প্ৰতি লক্ষ্য ৰাখি টেলিকম কোম্পানীসমূহক বৈধতাৰ সময়সীমা অৰ্থাৎ ভেলিডিটী পিৰিয়ড বৃদ্ধি কৰাৰ বাবে ট্ৰায়ে নিৰ্দেশ প্ৰদান কৰিছে। এই সংকটৰ সময়ত সকলো প্ৰিপেইড গ্ৰাহকৰ যাতে যোগাযোগ বিচ্ছিন্ন নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি ভেলিডিটী সময়সীমা বৃদ্ধিকে ধৰি প্ৰয়োজনীয় সকলো সেৱা যাতে গ্ৰাহকসকল লাভ কৰি থাকে,তাৰ বাবে ট্ৰায়ে সকলো টেলিকম কোম্পানলৈ জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।নিৰ্দেশনাটোত কোৱা হৈছে-'গ্ৰাহকলৈ সেৱা অব্যাহত ৰখাৰ বাবে টেলিকম কোম্পানীসমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছে,সেয়া জনাব লাগে।' গুৰুত্বপূৰ্ণ কথা এই যে লকডাউনৰ সময়ত টেলিকম সেৱাক অত্যাৱশ্যকীয় সেৱাৰ অন্তৰ্ভুক্ত কৰা হৈছে।কিন্তু ৰিচার্জ কেন্দ্ৰসমূহ বন্ধ ৰখা হৈছে।ফলত গ্ৰাহকসকলে প্ৰয়োজনীয় ৰিচাৰ্জ কৰিব খুজিলে অসুবিধাৰ সন্মুখীন হ’ব।তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। উল্লেখ যে ক'ভিড-১৯ক প্ৰতিহত কৰাৰ বাবে দেশত যোৱা ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

Your Comments